You are here

ভাৰতৰ স্বাস্থ্যসেৱা আৰু শিক্ষাত বিদ্যুতৰ অগ্ৰাধিকাৰসমূহৰ একত্ৰীকৰণ: ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নীতিসমূহৰ এক পৰ্য্যালোচনা

26 November 2021: যোৱা দশকত ভাৰতে দেশৰ প্ৰতিঘৰ মানুহলৈ বিদ্যুৎ সংযোগ স্থাপনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে, ২০২০ চনলৈকে দেশৰ ৯৬ শতাংশ লোকৰ ঘৰত বিদ্যুতৰ সংযোগ ঘটিছে। কিন্তু ইয়াৰ বিপৰীতে দেশৰ এক তৃতীয়াংশ বিদ্যালয় (৩৭ শতাংশ) আৰু এক চতুৰ্থাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (২৪ শতাংশ) আজি পৰ্য্যন্ত বিদ্যুতৰ সংযোগ ঘটা নাই।

স্বাস্থ্যসেৱা আৰু শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিভাগসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা থকাতো যথেষ্ট দৰকাৰী আৰু এই ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন নীতিসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় উন্নয়নমূলক ফলাফলসমূহত বিদ্যুতৰ ভূমিকা ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্তৰৰ নীতিসমূহত কিদৰে প্ৰতিফলিত হৈছে তাক আমি জনাতো দৰকাৰ।

শক্তিৰ প্ৰয়োজনীয়তা সমূহক সফলভাৱে একত্ৰিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতিসমূহত উদ্ভাৱনী সংগতি আৰু বিত্তীয় প্ৰণালীক স্থান দিব লাগিব। এই প্ৰণালীসমূহে কাৰ্য্যকৰী নীতি-নিৰ্দেশনা সমূহ প্ৰস্তুত কৰাৰ সময়ত এটা কথা মনত ৰখা উচিত যাতে এই নীতি আৰু আঁচনিসমূহ স্থানীয় পৰিৱেশৰ সৈতে খাপ খায়।

এনে নীতি আৰু প্ৰণালীসমূহ বাস্তৱায়িত কৰা সন্দৰ্ভত World Resources Institute – এ গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে WRI India -ৰ চি ই অ' ড০ অ' পি আগৰৱালাই কয়, “WRI India -ই অসম, ঝাৰখণ্ড আৰু ৰাজস্থানত স্থাস্থ্য আৰু শিক্ষা সম্পৰ্কীয় ১০০-তকৈ অধিক নীতি সংক্ৰান্তীয় নথি আৰু শক্তিৰ সৈতে সেইসমূহৰ সম্পৰ্কক বিশ্লেষণ কৰি চাইছিল। উক্ত প্ৰতিবেদনে এই ৰাজ্যকেইখনত স্বাস্থ্য আৰু শিক্ষা নীতিসমূহক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত থকা অন্তৰায়সমূহক বুজাৰ বাবে আমি গ্ৰহণ বিশ্লেষণক তুলি ধৰা হৈছে।”

আমাৰ কেইটামান পৰামৰ্শ তলত তুলি ধৰা হৈছে -

  • নীতিসমূহে স্থানীয় তথ্যৰ ভিত্তিত বিদ্যুতক উন্নয়নৰ ফলাফলসমূহৰ সৈতে সংযোগ কৰিব লাগে। নীতি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা প্ৰশমিত কৰাৰ বাবে স্থানীয় নীতি-নিৰ্মাতাসকলক যাতে কিছু সহযোগ আগবঢ়াব পৰা যায় তাৰ বাবে পুঁজি যোগানৰ ক্ষেত্ৰত এৰা ধৰা কৰা দৰা দৰকাৰ (এই ক্ষেত্ৰত ইউনাইটেড ফাণ্ড ধৰণৰ ব্যৱস্থা ল'ব পৰা যায়)।
  • স্বাস্থ্যকেন্দ্ৰ আৰু বিদ্যালয়সমূহত নিৰ্ভৰযোগ্য বিদ্যুৎ সৰবৰাহ কৰাতো ৰাজ্য বা ৰাষ্ট্ৰীয় স্তৰত কেন্দ্ৰীভূত সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাসমূহৰ দায়িত্ব হোৱা উচিত। ব্যক্তিগত সুবিধাসমূহ নীতি বা কৰ্মসূচীৰ বাবে যোগ্যতা অৰ্জনৰ নিয়মেৰে ভাৰাক্ৰান্ত হ'ব নালাগে।
  • ফলপ্ৰসূ কৰ্মনীতিৰ আৰ্হিসমূহত নীতি নিৰীক্ষণ ব্যৱস্থাৰ দৰে এক শক্তিশালী কৈফিয়ৎদায়বদ্ধতা আৰু নিয়ম প্ৰয়োগ কৰা ব্যৱস্থা থকা দৰকাৰ। বৰ্তমানৰ পৰ্য্যবক্ষণ ব্যৱস্থাই বস্তুগত অগ্ৰগতি আৰু আৰ্থিক ব্যয় সূচকৰ ওপৰতহে গুৰুত্ব দিয়ে। ই সামগ্ৰিক উন্নয়ন আৰু কল্যাণৰ ওপৰত সম্পদৰ বৰ্ধিত প্ৰভাৱক মূল্যায়ন নকৰে। এই ধৰণৰ প্ৰমাণসমূহ সংহত নীতিসমূহৰ বিকাশ আৰু প্ৰয়োগৰ বাবে গুৰুত্বপূৰ্ণ।
  • ঐক্যবদ্ধ নীতিসমূহ দৰকাৰী হোৱা সত্ত্বেও যিহেতু সেইসমূহ বাঞ্ছিত ফলাফল অৰ্জনৰ বাবে পৰ্য্যাপ্ত নহয় গতিকে নীতিসমূহৰ পৰিৱৰ্তন সাধি সেইসমূহক কাৰ্য্যকৰী কৰিব পৰা ধৰণৰ আহিলাবিলাকক (যেনে প্ৰতিষ্ঠানিক কাঠামো, অৰ্থ, তথা তথ্য আৰু সমন্বয় ব্যৱস্থা) প্ৰাধ্যান্য দিয়া দৰকাৰ।

নিটি আয়োগৰ এস্পিৰেশ্যনেল ডিস্ট্ৰিক্ট প্ৰ'গ্ৰাম (Aspirational District Programme)ৰ মিছন সঞ্চালক ৰাকেশ ৰঞ্জনে কয়, “এই লেখাটো প্ৰকাশ কৰাৰ বাবে WRI India -ক ধন্যবাদ জনাইছো। সামাজিক ক্ষেত্ৰত এটা প্ৰকল্প আৰম্ভ কৰাৰ পূৰ্বে যে ক্ষেত্ৰ স্তৰৰ ইউনিট সমূহত বিদ্যুতৰ উপলব্ধতা নিশ্চিত কৰা আৰু যদি প্ৰয়োজন থাকে তেন্তে পলম নকৰাকৈ যে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই কথা এই লেখাটোৱে আমাক সোঁৱৰাই দিলে। WRI-ৰ এই কাৰ্য্য চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত থকা নীতি আৰু পৰিকল্পনা ৰূপায়ন কৰা সংস্থাসমূহৰ বাবে যথেষ্ট কামত আহিব।”

সংবাদ সম্পৰ্কীয় প্ৰশ্নৰ বাবে যোগাযোগ কৰক :

কুনাল শংকৰ

জ্যেষ্ঠ সংযোগ পৰিচালক,

WRI India, Energy Programme

Kunal.Shankar@wri.org

(M) +91-98661-73803

Stay Connected

Sign up for our newsletters

Get the latest commentary, upcoming events, publications, and multimedia resources. Sign up for the monthly WRI India Digest.